Google Map Review Scam", প্ৰতাৰণাৰ পৰা ৰক্ষাৰ উপায় আৰু প্ৰতাৰিত হলে কি কৰিব!


 

এই পোষ্টটো গৃহিণী, অৱসৰপ্ৰাপ্ত ব্যক্তি, ছাত্ৰ-ছাত্ৰী,  আৰু ইন্টাৰনেট ব্যবহাৰ কাৰী সকলৰ বাবে যাতে তেওঁলোকে "Work From Home" ৰ নামত অনলাইন ঠগবাজিৰ পৰা নিজক ৰক্ষা কৰিব পাৰে।

আপুনি হয়তো Facebook, Instagram, YouTubeত "Work from Home"ৰ বিজ্ঞাপন দেখা পাইছে, বা কোনোবাদিনা আপোনাৰ WhatsAppত কোনো অজ্ঞাত নম্বৰৰ পৰা "Work from Home"ৰ মেচেজ আহিছে। এই অফাৰবোৰে ঘৰতে বহি পাৰ্ট টাইম কাম কৰি পইচা উপাৰ্জন কৰাৰ কথা কয়। বৰ্তমান সময়ত বহুল প্ৰচলিত এটা ঠগবাজি হৈছে "Google Review Job" । জানো আহক, কেনেদৰে  ঠগবাজসকলে মানুহক চুনা লগায়।

ঠগবাজি কেনেদৰে কাম কৰে:

যেতিয়া আপুনি সেই বিজ্ঞাপন বোৰত সঁহাৰি দিব, ঠগবাজসকলে আপোনালৈ মেচেজ পঠিয়াব। সেই মেচেজত এই কথাষাৰ থাকিব যে, কামটো একেবাৰে সহজ; তেওলোকে দিয়া লিংকৰ জৰিয়তে Google Map ত গৈ  নিদৃষ্ট ব্রেণ্ডত  পজিটিভ মন্তব্য  আৰু ***** ৰেটিং  দিব লাগিব আৰু প্রতিটো মন্তব্যৰ বাবে ₹100 টকা পাব। আপুনি yes বুলি কোৱাৰ লগে লগে তেওঁলোকে আপোনাক টেলিগ্ৰাম চেনেলৰ এটা লিংক দিব আৰু সেই চেনেলত যুক্ত  হবলৈ কব। এয়া ঠগবাজি আৰম্ভ হোৱাৰ প্ৰথম পৰ্যায়।

পৰ্যায় ২:

লিংকৰ জৰিয়তে নিৰ্ধাৰিত টেলিগ্ৰাম চেনেলত যোৱাৰ পিছত এজন ব্যক্তি যি সাধাৰণতে মাছুম চেহেৰাৰ ধুনীয়া ছোৱালী হয়,  তেওঁ নিজকে "teacher" বুলি পৰিচয় দিব আৰু কামটো কৰোতে সকলো ধৰণৰ সহায় কৰিব বুলি কব। প্ৰথম দিনা তেওঁ Google Map ৰ কিছু লিংক দিব, যত আপুনি ভাল মন্তব্য আৰু ***** ৰেটিং দিব লাগিব আৰু স্ক্ৰীণশ্বট তুলি "teacher"ক টেলিগ্ৰামত পঠাব লাগিব। প্ৰথম দিনা আপোনাক ৪-৫টা কাম দিয়া হ'ব আৰু সেই কামৰ বিপৰীতে আপোনাক নিৰ্ধাৰিত হাৰত টকাও পেমেন্ট কৰিব। এইটো দেখি আপুনি মনতে ভাবিব যে কামটো সচাকৈয়ে ভাল। তাৰপিছত তাই আপোনাক টেলিগ্ৰামৰ আন এটা VIP গোটত যুক্ত কৰিব।

পৰ্যায় ৩:

VIP চেনেলত আৰু মানুহ থাকিব, বেছিভাগেই হয়তো তেওলোকৰে মানুহ। ইয়াত আপোনাক প্ৰতি দিনৰ বাবে ২০-২৪ টা কাম কৰিব দিব। আপুনি ভাবিব যে, মাত্ৰ ৰিভিউ হে দিব লাগিব! ইয়াৰ পৰাই আচল ঠগবাজি আৰম্ভ হয়। দৈনিক কামত আপোনাক ₹২০০০/₹২২০০ দিয়াৰ প্ৰতিশ্ৰুতি দিব।  ইয়াত  "special tasks" (Merchant Payment) নামৰ বিশেষ এটা অপচনও থাকিব। যত অতিৰিক্ত  ৩০০০/৪০০০ উপাৰ্জনৰ সম্ভাবনা দেখাব। অর্থাৎ সকলো মিলাই দিনটোত আপুনি সহজে ৫০০০/৭০০০ পাব যদিহে  তেওলোকৰ মতে কাম কৰে! কিন্তু নিয়ম হৈছে আপুনি প্রতিটো Task কৰিব লাগিব, নহলে আপুনি একো পইচা নাপায়। "special tasks"বা Merchant Payment হৈছে ঠগবাজিৰ মূল আহিলা।

Special Task (Merchant Payment):

এই বিশেষ কামত আপোনাৰ  ১০০০ ৰ পৰা ৫০,০০০ হাজাৰ লৈকে জমাৰ অপচন থাকিব আৰু ৩০-৬০ মিনিটৰ ভিতৰত ৩০%  লাভ দেখাব। আপুনি ভাবিব, “এইটো বহুত লাভ জনক, ৩০% কেৱল এক ঘণ্টাৰ ভিতৰত"!

প্ৰথম মাৰ্চেন্ট পেমেন্টৰ  পাছত ঠিকেই আপোনাৰ টকা ঘুৰাই দিব; মানে আপোনাৰ আগত দানা দিব।  যেতিয়া আপুনি দ্বিতীয় "special task"ৰ বাবে Merchant Payment কৰি অপেক্ষা কৰিব তেতিয়া তেওঁলোকে আপোনাক লাভ  দেখাব ঠিকেই কিন্তু  আপোনাক  আকৌ Merchant Payment  কৰিবলৈ কব মানে কৰিবই লাগিব।   

এতিয়া ধৰি লওক, আপোনাৰ ওচৰত  সৰ্বমুঠ ৫০০০ আছে আৰু আপুনি জমা কৰি দিছে, যেতিয়া তেওঁলোকে পুনৰ Merchant Payment কৰিব কব তেতিয়া আপোনাৰ ওচৰত পইচা নাথাকিব পাৰে।  যদি আপুনি আকৌ পেমেন্ট নকৰে তেন্তে আপোনাৰ ইতিমধ্যে জমা কৰা টকা আৰু সকলো ৰিভিউ ধন হল্ড কৰি থোৱা হব বুলি আপোনাক জনোৱা হব অথবা আপুনি যদি ইতিমধ্যেই মোটা অংকৰ টকা ডিপজিট কৰি দিছে তেতিয়া তেওলোকে আপোনাৰ লগত যোগাযোগ কৰা বন্ধ কৰি দিব। এইদৰে আপোনাক ঠগিব।

ঠগবাজিৰ পৰা বচাৰ উপায়:

১। এই গোটেই কাহিনী শুনাৰ পিছত আপোনাৰ কাম হৈছে লোভ লালসাক দমন কৰি এইধৰণৰ "Work From Home", "Part Time Job" নামৰ ঠগবাজীৰ পৰা দুৰত থকা;

২। যিকোনো অচিনাকি মানুহৰ সৈতে বিত্ত লেনদেনৰ ক্ষেত্ৰত UPI ৰ ব্যবহাৰৰ পৰিবৰ্তে আপোনাৰ বেংকৰ নিজা এপৰ জৰিয়তে বা Account to Account লেনদেন কৰা, কাৰন আপোনাৰ বেংকে বাহিৰা উৎসৰ জৰিয়তে কৰা লেনদেনৰ কোনো দায়িত্ব নলয়।


আপুনি ইতিমধ্যেই যদি প্ৰতাৰণাৰ বলি হৈছে! তেন্তে আপোনাৰ কৰণীয়;

১।  সময়: এনেকুৱা ঘটনাত সময়ে বৰ গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। আপুনি প্ৰতাৰণাৰ বলি হৈছে বুলি জনাৰ লগে লগে আপোনাৰ বেংকৰ ৰেজিষ্টাৰ মবাইল নম্বৰৰ জৰিয়তে বেংকৰ "Customer Care" ত ফোন কৰি প্ৰতাৰণাৰ কথা জনাব।

২। কোনটো একাউন্টত টকা ট্ৰান্সফাৰ কৰিছে তাৰ তথ্য দিব।

৩। লগে লগে নিজৰ বেংকত গৈ বেংক মেনেজাৰৰ সৈতে দেখা কৰি সবিশেষ জনাব।

৪।  চৰকাৰৰ চাইবাৰ ক্ৰাইম পোৰ্টেলত গৈ অভিযোগ এটা ৰেজিষ্টাৰ কৰাব।

যদিও টকা ঘুৰাই পোৱাৰ সম্ভাবনা ক্ষীণ কিন্তু,  যদি সময়মতে আৰু নিয়মমতে কৰিব পাৰে তেন্তে সম্ভাবনা আছে।

উপসংহাৰ:

প্ৰতাৰক সকলে প্ৰতাৰণাৰ নিত্য নতুন কৌশলৰ জৰিয়তে প্ৰতিপলে সাধাৰণ মানুহক ঠগিয়েই আছে। প্ৰতাৰণাৰ পৰা বচাৰ এটাই উপায় হৈছে সদা সতৰ্ক থকা আৰু লালসাৰ পৰা দুৰত থকা। একমাত্ৰ সতৰ্কতাই ডিজিটেল যুগত আপোনাৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰি ৰাখিব পাৰে।

লিখাটো যদি সহায়ক বুলি ভাবে  তেন্তে  শেয়াৰ কৰি অন্যকো জনাৰ সুবিধা কৰি দিব। ভালে থাকক আৰু  অনলাইন ঠগবাজিৰ পৰা নিজকে সুৰক্ষিত ৰাখক। 

ধন্যবাদ

Comments

Popular posts from this blog

Google Map Review Scam A detailed case study with Solutions;

Google Map Review Scam",প্রতারিত হওয়ার থেকে এবং প্রতারিত হলে কী করবেন; বিশদ বিবরণসহ প্রতিকারের উপায়।