Content Writing Scams: কন্টেন্ট ৰাইটিং জব অফাৰৰ নামত প্ৰতাৰণা; How to Identify and Avoid Scammers; A to Z.
বৰ্ত্তমান সময়ত অনলাইনত কামৰ প্ৰস্তাৱৰ চলেৰে ফ্ৰিলেঞ্চ কন্টেন্ট ৰাইটাৰ সকলক প্ৰতাৰণাৰ চিকাৰ কৰা হৈছে। স্কেমাৰসকলে উচ্চ দৰমহা আৰু নমনীয় কামৰ প্রতিশ্ৰুতিৰে ফ্ৰিলেঞ্চাৰসকলক লক্ষ্য কৰে যদিও এই প্ৰস্তাৱবোৰ সাধাৰণতে ঠগবাজি হয়। এই প্ৰবন্ধত এই প্ৰতাৰণাবোৰ কেনেকৈ চলে আৰু আপুনি কেনেকৈ নিজকে এইধৰণৰ প্ৰতাৰণাৰ পৰা সুৰক্ষিত ৰাখিব পাৰিব তাৰ বিষয়ে বিস্তৃত আলোচনা কৰিম।
কন্টেন্ট ৰাইটিং স্কেম কেনেকৈ চলি আছে:
আজিকালি, ফেচবুক হৈছে স্কেমাৰ সকলে প্ৰতাৰণা কৰাৰ এটা মুখ্য মাধ্যম, আৰু স্কেমবোৰ সাধাৰণতে টেলিগ্ৰাম চেনেলৰ জৰিয়তে বাস্তৱায়ন কৰা হয়। আমি এতিয়া বিস্তাৰিত আলোচনা কৰিম কেনেকৈ এই স্কেমবোৰ সংঘটিত হয়:
১ম পৰ্যায়: ফেচবুকত জব অফাৰ;
স্কেমাৰ সকলে প্ৰথমে ফেচবুক বা অন্য সামাজিক মাধ্যমত “কন্টেন্ট ৰাইটিং জব অফাৰ”ৰ বিজ্ঞাপন প্ৰকাশ কৰে। তেওঁলোকে আপোনাক উচ্চ উপাৰ্জনৰ আশ্বাস দিয়ে, যত আপুনি ঘৰত বহি কাম কৰিব পাৰে। যেতিয়া আপুনি আগ্ৰহ প্ৰকাশ কৰে, তেতিয়া তেওঁলোকে আপোনাক ইনবক্সত যোগাযোগ কৰিবলৈ কয় আৰু টেলিগ্ৰাম চেনেলৰ লিংক প্ৰদান কৰে।
২য় পৰ্যায়:
টেলিগ্ৰাম চেনেলত জইন কৰাৰ পিছত, স্কেমাৰজন নিজকে ইউৰোপ বা আমেৰিকাৰ কোনো এজেঞ্চিৰ “প্ৰজেক্ট ডিৰেক্টৰ” বুলি পৰিচয় দিয়ে। তেওঁ আপোনাৰ ব্যক্তিগত তথ্য বিছাৰিব যেনে নাম, বয়স ইত্যাদি। তাৰ পিছত আপোনাক এটা প্ৰজেক্টৰ কাম দিয়ে, যেনে ১৫০০-২০০০ শব্দৰ কন্টেন্ট লিখা বা MS Word ত ২০-২৫ পৃষ্ঠাৰ এটা ডকুমেণ্ট সাজি পিডিএফত কনভাৰ্ট কৰা। তেওঁলোক আপোনাক $২০০০ পেমেন্টৰ প্ৰলোভন দিয়ে আৰু দুই দিনৰ সময়সীমা বান্ধি দিয়ে।
যেতিয়া আপুনি নিৰ্ধাৰিত সময়ত প্ৰজেক্ট জমা দিয়ে, স্কেমাৰজন আপোনাক জনায় যে কামটো ভেৰিফাই হৈছে আৰু অনুমোদন কৰা হৈছে। তাৰ পিছত তেওঁ আপোনাক “ফাইনেঞ্চ ডিপাৰ্টমেন্ট”ত যোগাযোগ কৰিবলৈ টেলিগ্ৰামৰ লিংক দিয়ে, যত “ফাইনেঞ্চ মেনেজাৰ”এ আপোনাক পেমেন্টৰ বিষয়ে জনাব।
৩য় পৰ্যায়:
ফাইনেঞ্চ মেনেজাৰে প্রথমে আপোনাৰ প্ৰজেক্ট ভেৰিফাই কৰাৰ বাবে ১০-২০ মিনিট সময় বিচাৰিব। পিছত তেওঁ জনাব যে আপোনাৰ কাম সম্পূৰ্ণ ভেৰিফাই হৈছে আৰু আপোনাৰ পেমেন্ট দিয়া হব। তেতিয়া আপোনাৰ বেংকৰ তথ্যপাতি আৰু ইমেইল বিচাৰিব। ৩০ মিনিটৰ ভিতৰত পেমেন্ট হব বুলি জনায়।
শেষ পৰ্যায়:
অধা ঘণ্টা সময়ৰ পিছত, ফাইনেঞ্চ মেনেজাৰে জনায় যে, আপোনাৰ একাউন্ট পেমেন্ট ছিষ্টেমৰ সৈতে সংযোগ নোহোৱাৰ বাবে পেমেন্ট হোল্ড হৈ আছে। তেওঁ আপোনাক যিকোনো এটা নামি বিদেশী বেংকৰ ইনভইচ দেখুৱাব, যত আপোনাৰ নাম আৰু $২০০০ লেখা থাকিব। একাউন্ট লিংকৰ বাবে তেওঁ $৫০ ফি জমা কৰিবলৈ কব আৰু তাৰ বাবে কোনো ভাৰতীয় বেংক এটাৰ একাউন্ট নম্বৰ যোগান ধৰিব।
আপুনি যদি $৫০ ডলাৰৰ সম পৰিমান ₹৪৫০০ কোনো ভাৰতীয় বেংক একাউণ্টত জমা কৰে, তেতিয়া স্কেমাৰজন আপোনাৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি দিব।
কেনেকৈ চিনি পাব স্কেমঃ
এইবোৰ স্কেম চিনাক্ত কৰা কঠিন, কিন্তু কিছুমান বিশেষ লক্ষণ আছে যিসকলৰ পৰা আপুনি সজাগ থাকিব পাৰে:
- স্কেমাৰসকলে পেমেন্ট ৰিলিজ কৰাৰ আগতে আপোনাৰ পৰা ধন বিচাৰিব।
- সকলো যোগাযোগ টেলিগ্ৰাম বা সামাজিক মাধ্যমৰ জৰিয়তে সম্পন্ন হয়।
- সাধাৰণ কামৰ বাবে অতি বেছি পেমেন্টৰ প্ৰতিশ্ৰুতি দিব।
কেনেকৈ সুৰক্ষিত থাকিবঃ
- অচিনাক্ত ব্যক্তি বা এজেঞ্চিৰ অফাৰ গ্ৰহণ নকৰিব। প্ৰতিটো অফাৰৰ বিষয়ে যথেষ্ট অনুসন্ধান কৰক।
- বিদেশী প্ৰফাইল বা পেজৰ ওপৰত বিশ্বাস নকৰিব, বিশেষকৈ ফেচবুকৰ লগতে সামাজিক মাধ্যমত।
- পেমেন্ট লোৱাৰ বাবে ধন পঠাব নালাগে। সঁচা কোম্পানীয়ে পেমেন্টৰ কাৰণে আগতীয়া কোনো ফি দাবী নকৰে।
কি কৰিব যদি স্কেমৰ শিকাৰ হয়ঃ
যদি আপুনি প্ৰতাৰিত হৈছে বুলি ধৰা পৰে, তেতিয়া ততালিকে এই পদক্ষেপসমূহ গ্ৰহণ কৰক:
১. আপোনাৰ বেংকৰ লগত যোগাযোগ কৰক আৰু স্কেমৰ বিষয়ে জনাওক। যিটো একাউন্টত টকা ট্ৰান্সফাৰ কৰিছে সেইটো জনাওক;
২. "সাইবাৰ ক্রাইম প’ৰ্টেলত" অভিযোগ দাখিল কৰিব;
৩. আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক এই বিষয়ে অৱগত কৰক যাতে তেওঁলোকো সজাগ থাকে।
যদিও যোৱা ধন পোৱাৰ সম্ভাৱনা কম, কিন্তু সঠিক সময়ত নিয়ম মতে অভিযোগ দিলে পুনৰ প্ৰাপ্তি হোৱাৰ সম্ভাৱনা থাকে।
উপসংহাৰ
অনলাইন স্কেমবোৰে দিনক দিনে নতুন পদ্ধতিৰে লোকক প্ৰতাৰণা কৰি আছে। বচাৰ একমাত্ৰ উপায় হৈছে নিজকে আপডেট ৰখা। সুৰক্ষাৰ বাবে এই তথ্য শ্বেয়াৰ কৰক, আনক সজাগ কৰক। লিখাটো ভাল লাগিলে শেয়াৰ কৰিব। ধন্যবাদ।
Comments
Post a Comment